Millat al-Islam

Chapter 96 · 19 verses · Shaykh Rafeequl Islam Habibur Rahman

Surah Al-Alaq in Assamese

Arabic with tafsir Listen to Surah Al-Alaq (1269 reciters)
Meccanسورة العلق19 verses

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

ٱقۡرَأۡ بِٱسۡمِ رَبِّكَ ٱلَّذِي خَلَقَ ١পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে خَلَقَ ٱلۡإِنسَٰنَ مِنۡ عَلَقٍ ٢তেওঁ মানুহক আলাক্বৰ পৰা সৃষ্টি কৰিছে। ٱقۡرَأۡ وَرَبُّكَ ٱلۡأَكۡرَمُ ٣পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম। ٱلَّذِي عَلَّمَ بِٱلۡقَلَمِ ٤যিজনে কলমৰ সহায়ত শিক্ষা দিছে। عَلَّمَ ٱلۡإِنسَٰنَ مَا لَمۡ يَعۡلَمۡ ٥তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল। كـَلَّآ إِنَّ ٱلۡإِنسَٰنَ لَيَطۡغَىٰٓ ٦বাস্তৱতে, মানুহে সীমালঙ্ঘন কৰি থাকে। أَن رَّءَاهُ ٱسۡتَغۡنَىٰٓ ٧কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাৱে। إِنَّ إِلَىٰ رَبِّكَ ٱلرُّجۡعَىٰٓ ٨নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন। أَرَءَيۡتَ ٱلَّذِي يَنۡهَىٰ ٩তুমি তাক দেখা নাইনে? যিয়ে নিষেধ কৰে। عَبۡدًا إِذَا صَلَّىٰٓ ١٠এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে। أَرَءَيۡتَ إِن كَانَ عَلَى ٱلۡهُدَىٰٓ ١١কোৱাচোন, যদিও তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত أَوۡ أَمَرَ بِٱلتَّقۡوَىٰٓ ١٢অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে) أَرَءَيۡتَ إِن كَذَّبَ وَتَوَلَّىٰٓ ١٣কোৱাচোন যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয় أَلَمۡ يَعۡلَم بِأَنَّ ٱللَّهَ يَرَىٰ ١٤সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে كـَلَّا لَئِن لَّمۡ يَنتَهِ لَنَسۡفَعَۢا بِٱلنَّاصِيَةِ ١٥কেতিয়াও নহয়, যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক আগচুলিত ধৰি টানি আনিম। نَاصِيَةٍ كَٰذِبَةٍ خَاطِئَةٍ ١٦মিছলীয়া, পাপিষ্ঠৰ আগচুলি (কপাল)। فَلۡيَدۡعُ نَادِيَهُۥ ١٧এতেকে সি নিজ পৰিষদক মাতি আনক। سَنَدۡعُ ٱلزَّبَانِيَةَ ١٨অনতিপলমে আমি মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক। كـَلَّا لَا تُطِعۡهُ وَٱسۡجُدۡۤ وَٱقۡتَرِب ۩ ١٩কেতিয়াও নহয়, তুমি তাৰ অনুসৰণ নকৰিবা। আৰু তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু নৈকট্য লাভ কৰা।

Translation: Shaykh Rafeequl Islam Habibur Rahman.