Millat al-Islam

Chapter 88 · 26 verses · Shaykh Rafeequl Islam Habibur Rahman

Surah Al-Ghashiya in Assamese

Arabic with tafsir Listen to Surah Al-Ghashiya (1299 reciters)

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

هَلۡ أَتَىٰكَ حَدِيثُ ٱلۡغَٰشِيَةِ ١তোমাৰ ওচৰত আচ্ছন্নকাৰী (কিয়ামতৰ) সংবাদ আহিছেনে وُجُوهٌ يَوۡمَئِذٍ خَٰشِعَةٌ ٢সেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত عَامِلَةٌ نَّاصِبَةٌ ٣কৰ্মক্লান্ত, পৰিশ্ৰান্ত تَصۡلَىٰ نَارًا حَامِيَةً ٤সিহঁত প্ৰৱেশ কৰিব জ্বলন্ত জুইত تُسۡقَىٰ مِنۡ عَيۡنٍ ءَانِيَةٍ ٥উত্তপ্ত উতলা নিজৰাৰ পানী পান কৰিবলৈ দিয়া হ’ব لَّيۡسَ لَهُمۡ طَعَامٌ إِلَّا مِن ضَرِيعٍ ٦সিহঁতৰ বাবে কাঁইটবিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব لَّا يُسۡمِنُ وَلَا يُغۡنِي مِن جُوعٍ ٧ই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব। وُجُوهٌ يَوۡمَئِذٍ نَّاعِمَةٌ ٨আৰু সেইদিনা কিছুমান মুখমণ্ডল হ’ব আনন্দোজ্জ্বল لِّسَعۡيِهَا رَاضِيَةٌ ٩নিজ কৰ্মৰ সাফল্যত পৰিতৃপ্ত فِي جَنَّةٍ عَالِيَةٍ ١٠সুউচ্চ জান্নাতত لَّا تَسۡمَعُ فِيهَا لَٰغِيَةً ١١তাত সিহঁতে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব فِيهَا عَيۡنٌ جَارِيَةٌ ١٢তাত থাকিব প্ৰবাহমান নিজৰা فِيهَا سُرُرٌ مَّرۡفُوعَةٌ ١٣তাত থাকিব উন্নত শয্যাসমূহ وَأَكۡوَابٌ مَّوۡضُوعَةٌ ١٤আৰু প্ৰস্তুত থাকিব পানপাত্ৰসমূহ وَنَمَارِقُ مَصۡفُوفَةٌ ١٥আৰু শাৰী শাৰীকৈ ৰখা গাৰুসমূহ وَزَرَابِيُّ مَبۡثُوثَةٌ ١٦আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ أَفَلَا يَنظُرُونَ إِلَى ٱلۡإِبِلِ كَيۡفَ خُلِقَتۡ ١٧ইহঁতে উটৰ পিনে দৃষ্টিপাত নকৰে নেকি, কেনেকৈ তাক সৃষ্টি কৰা হৈছে وَإِلَى ٱلسَّمَآءِ كَيۡفَ رُفِعَتۡ ١٨আৰু আকাশৰ ফালে, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰা হৈছে وَإِلَى ٱلۡجِبَالِ كَيۡفَ نُصِبَتۡ ١٩আৰু পৰ্বতসমূহৰ ফালে, সেইবোৰ কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে وَإِلَى ٱلۡأَرۡضِ كَيۡفَ سُطِحَتۡ ٢٠আৰু পৃথিৱীখনৰ ফালে, কিদৰে তাক বিস্তৃত কৰা হৈছে فَذَكِّرۡ إِنَّمَآ أَنتَ مُذَكِّرٌ ٢١এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা لَّسۡتَ عَلَيۡهِم بِمُصَيۡطِرٍ ٢٢তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়। إِلَّا مَن تَوَلَّىٰ وَكَفَرَ ٢٣কিন্তু কোনোবাই মুখ ঘুৰাই ল’লে অথবা কুফৰী কৰিলে فَيُعَذِّبُهُ ٱللَّهُ ٱلۡعَذَابَ ٱلۡأَكۡبَرَ ٢٤তেন্তে আল্লাহে তাক মহাশাস্তি প্ৰদান কৰিব। إِنَّ إِلَيۡنَآ إِيَابَهُمۡ ٢٥নিশ্চয় আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। ثُمَّ إِنَّ عَلَيۡنَا حِسَابَهُم ٢٦আৰু সিহঁতৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব।

Translation: Shaykh Rafeequl Islam Habibur Rahman.