Millat al-Islam

Chapter 92 · 21 verses · Shaykh Rafeequl Islam Habibur Rahman

Surah Al-Lail in Assamese

Arabic with tafsir Listen to Surah Al-Lail (1283 reciters)
Meccanسورة الليل21 verses

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

وَٱلَّيۡلِ إِذَا يَغۡشَىٰ ١শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে وَٱلنَّهَارِ إِذَا تَجَلَّىٰ ٢শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয় وَمَا خَلَقَ ٱلذَّكَرَ وَٱلۡأُنثَىٰٓ ٣আৰু শপত সেই সত্তাৰ, যিজনে নৰ আৰু নাৰী সৃষ্টি কৰিছে। إِنَّ سَعۡيَكُمۡ لَشَتَّىٰ ٤নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ। فَأَمَّا مَنۡ أَعۡطَىٰ وَٱتَّقَىٰ ٥এতেকে কোনোবাই দান কৰিলে আৰু তাক্বৱা অৱলম্বন কৰিলে وَصَدَّقَ بِٱلۡحُسۡنَىٰ ٦আৰু যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰিলে فَسَنُيَسِّرُهُۥ لِلۡيُسۡرَىٰ ٧আমি তাৰ বাবে সহজ পথত চলা সুগম কৰি দিম। وَأَمَّا مَنۢ بَخِلَ وَٱسۡتَغۡنَىٰ ٨আৰু কোনোবাই কৃপণালি কৰিলে আৰু নিজকে অমুখাপেক্ষী ভাবিলে وَكَذَّبَ بِٱلۡحُسۡنَىٰ ٩আৰু যি উত্তম তাক অস্বীকাৰ কৰিলে فَسَنُيَسِّرُهُۥ لِلۡعُسۡرَىٰ ١٠আমি তাৰ বাবে কঠিন পথত চলা সুগম কৰি দিম। وَمَا يُغۡنِي عَنۡهُ مَالُهُۥٓ إِذَا تَرَدَّىٰٓ ١١আৰু তাৰ সম্পদ তাৰ কোনো কামত নাহিব, যেতিয়া সি ধ্বংস হ’ব। إِنَّ عَلَيۡنَا لَلۡهُدَىٰ ١٢নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে আমাৰ কৰ্তব্য। وَإِنَّ لَنَا لَلۡأٓخِرَةَ وَٱلۡأُولَىٰ ١٣নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক। فَأَنذَرۡتُكُمۡ نَارًا تَلَظَّىٰ ١٤এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছো। لَا يَصۡلَىٰهَآ إِلَّا ٱلۡأَشۡقَى ١٥তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি যি হ’ব চৰম হতভাগ্য ٱلَّذِي كَذَّبَ وَتَوَلَّىٰ ١٦যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে। وَسَيُجَنَّبُهَا ٱلۡأَتۡقَى ١٧আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক ٱلَّذِي يُؤۡتِي مَالَهُۥ يَتَزَكَّىٰ ١٨যিয়ে আত্মশুদ্ধিৰ বাবে নিজ সম্পদ দান কৰে وَمَا لِأَحَدٍ عِندَهُۥ مِن نِّعۡمَةٍ تُجۡزَىٰٓ ١٩আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব إِلَّا ٱبۡتِغَآءَ وَجۡهِ رَبِّهِ ٱلۡأَعۡلَىٰ ٢٠কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত وَلَسَوۡفَ يَرۡضَىٰ ٢١আৰু অনতিপলমে সি সন্তুষ্টি লাভ কৰিব।

Translation: Shaykh Rafeequl Islam Habibur Rahman.