Millat al-Islam

Chapter 79 · 46 verses · Shaykh Rafeequl Islam Habibur Rahman

Surah An-Naziat in Assamese

Arabic with tafsir Listen to Surah An-Naziat (1339 reciters)

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

وَٱلنَّٰزِعَٰتِ غَرۡقًا ١শপত নিৰ্মমভাৱে উত্পটনকাৰীসকলৰ। وَٱلنَّٰشِطَٰتِ نَشۡطًا ٢আৰু মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ। وَٱلسَّٰبِحَٰتِ سَبۡحًا ٣আৰু তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ। فَٱلسَّٰبِقَٰتِ سَبۡقًا ٤আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ। فَٱلۡمُدَبِّرَٰتِ أَمۡرًا ٥তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ। يَوۡمَ تَرۡجُفُ ٱلرَّاجِفَةُ ٦সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব। تَتۡبَعُهَا ٱلرَّادِفَةُ ٧তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰী। قُلُوبٌ يَوۡمَئِذٍ وَاجِفَةٌ ٨সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব। أَبۡصَٰرُهَا خَٰشِعَةٌ ٩সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব। يَقُولُونَ أَءِنَّا لَمَرۡدُودُونَ فِي ٱلۡحَافِرَةِ ١٠সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থাত উভতি যাম নে أَءِذَا كُنَّا عِظَٰمًا نَّخِرَةً ١١যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’ قَالُواْ تِلۡكَ إِذًا كَرَّةٌ خَاسِرَةٌ ١٢সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’। فَإِنَّمَا هِيَ زَجۡرَةٌ وَٰحِدَةٌ ١٣প্ৰকৃততে এইটো এটা বিৰাট শব্দ। فَإِذَا هُم بِٱلسَّاهِرَةِ ١٤তত্ক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব। هَلۡ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ ١٥মূছাৰ ঘটনাটো তুমি পাইছানে إِذۡ نَادَىٰهُ رَبُّهُۥ بِٱلۡوَادِ ٱلۡمُقَدَّسِ طُوًى ١٦যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল ٱذۡهَبۡ إِلَىٰ فِرۡعَوۡنَ إِنَّهُۥ طَغَىٰ ١٧‘ফিৰআউনৰ ওচৰলৈ যোৱা নিশ্চয় সি সীমালঙ্ঘন কৰিছে فَقُلۡ هَل لَّكَ إِلَىٰٓ أَن تَزَكَّىٰ ١٨তাৰ পিছত তাক কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰা নে وَأَهۡدِيَكَ إِلَىٰ رَبِّكَ فَتَخۡشَىٰ ١٩আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰো, যাতে তুমি তেওঁক ভয় কৰা’। فَأَرَىٰهُ ٱلۡأٓيَةَ ٱلۡكُبۡرَىٰ ٢٠তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে। فَكَذَّبَ وَعَصَىٰ ٢١কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে। ثُمَّ أَدۡبَرَ يَسۡعَىٰ ٢٢তাৰ পিছত তেওঁ সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল। فَحَشَرَ فَنَادَىٰ ٢٣তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে فَقَالَ أَنَا۠ رَبُّكُمُ ٱلۡأَعۡلَىٰ ٢٤আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’। فَأَخَذَهُ ٱللَّهُ نَكَالَ ٱلۡأٓخِرَةِ وَٱلۡأُولَىٰٓ ٢٥অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে। إِنَّ فِي ذَٰلِكَ لَعِبۡرَةً لِّمَن يَخۡشَىٰٓ ٢٦নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে। ءَأَنتُمۡ أَشَدُّ خَلۡقًا أَمِ ٱلسَّمَآءُۚ بَنَىٰهَا ٢٧তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে। رَفَعَ سَمۡكَهَا فَسَوَّىٰهَا ٢٨তেৱেঁই ইয়াৰ চালখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে। وَأَغۡطَشَ لَيۡلَهَا وَأَخۡرَجَ ضُحَىٰهَا ٢٩আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ। وَٱلۡأَرۡضَ بَعۡدَ ذَٰلِكَ دَحَىٰهَآ ٣٠তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে। أَخۡرَجَ مِنۡهَا مَآءَهَا وَمَرۡعَىٰهَا ٣١তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি وَٱلۡجِبَالَ أَرۡسَىٰهَا ٣٢আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে مَتَٰعًا لَّكُمۡ وَلِأَنۡعَٰمِكُمۡ ٣٣এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ স্বৰূপ। فَإِذَا جَآءَتِ ٱلطَّآمَّةُ ٱلۡكُبۡرَىٰ ٣٤আৰু যিদিনা মহাসংকট উপস্থিত হ’ব يَوۡمَ يَتَذَكَّرُ ٱلۡإِنسَٰنُ مَا سَعَىٰ ٣٥সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে وَبُرِّزَتِ ٱلۡجَحِيمُ لِمَن يَرَىٰ ٣٦আৰু জাহান্নাম প্ৰকাশ কৰা হ’ব দৃষ্টিমান লোকসকলৰ বাবে। فَأَمَّا مَن طَغَىٰ ٣٧এতেকে যিয়ে সীমালঙ্ঘন কৰে وَءَاثَرَ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا ٣٨আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে فَإِنَّ ٱلۡجَحِيمَ هِيَ ٱلۡمَأۡوَىٰ ٣٩নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল। وَأَمَّا مَنۡ خَافَ مَقَامَ رَبِّهِۦ وَنَهَى ٱلنَّفۡسَ عَنِ ٱلۡهَوَىٰ ٤٠আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে فَإِنَّ ٱلۡجَنَّةَ هِيَ ٱلۡمَأۡوَىٰ ٤١নিশ্চয় জান্নাতেই হ’ব তাৰ আবাসস্থল। يَسۡـَٔلُونَكَ عَنِ ٱلسَّاعَةِ أَيَّانَ مُرۡسَىٰهَا ٤٢সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব فِيمَ أَنتَ مِن ذِكۡرَىٰهَآ ٤٣সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে إِلَىٰ رَبِّكَ مُنتَهَىٰهَآ ٤٤ইয়াৰ প্ৰকৃত জ্ঞান (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰত إِنَّمَآ أَنتَ مُنذِرُ مَن يَخۡشَىٰهَا ٤٥যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী। كَأَنَّهُمۡ يَوۡمَ يَرَوۡنَهَا لَمۡ يَلۡبَثُوٓاْ إِلَّا عَشِيَّةً أَوۡ ضُحَىٰهَا ٤٦যিদিনা সিহঁতে ইয়াক দেখিব সেইদিনা সিহঁতৰ এইটো ধাৰণা হব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।

Translation: Shaykh Rafeequl Islam Habibur Rahman.