Millat al-Islam

Chapter 86 · 17 verses · Shaykh Rafeequl Islam Habibur Rahman

Surah At-Tariq in Assamese

Arabic with tafsir Listen to Surah At-Tariq (1312 reciters)
Meccanسورة الطارق17 verses

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

وَٱلسَّمَآءِ وَٱلطَّارِقِ ١শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে وَمَآ أَدۡرَىٰكَ مَا ٱلطَّارِقُ ٢আৰু কিহে তোমাক জনাব যে, ‘ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে’ সেয়া নো কি ٱلنَّجۡمُ ٱلثَّاقِبُ ٣(সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ। إِن كُلُّ نَفۡسٍ لَّمَّا عَلَيۡهَا حَافِظٌ ٤প্ৰত্যেক জীৱৰ ওপৰতেই তত্ত্বাবধায়ক আছে। فَلۡيَنظُرِ ٱلۡإِنسَٰنُ مِمَّ خُلِقَ ٥এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে خُلِقَ مِن مَّآءٍ دَافِقٍ ٦তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত নিৰ্গত হোৱা পানীৰে يَخۡرُجُ مِنۢ بَيۡنِ ٱلصُّلۡبِ وَٱلتَّرَآئِبِ ٧যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা। إِنَّهُۥ عَلَىٰ رَجۡعِهِۦ لَقَادِرٌ ٨নিশ্চয় তেওঁ তাক উভতাই আনিবলৈ সক্ষম। يَوۡمَ تُبۡلَى ٱلسَّرَآئِرُ ٩যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব فَمَا لَهُۥ مِن قُوَّةٍ وَلَا نَاصِرٍ ١٠সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব। وَٱلسَّمَآءِ ذَاتِ ٱلرَّجۡعِ ١١শপত আকাশৰ যিয়ে বৰষুণ ধাৰণ কৰে وَٱلۡأَرۡضِ ذَاتِ ٱلصَّدۡعِ ١٢শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয় إِنَّهُۥ لَقَوۡلٌ فَصۡلٌ ١٣নিশ্চয় এইটো (আল-কোৰআন) মীমাংসাকাৰী বাণী। وَمَا هُوَ بِٱلۡهَزۡلِ ١٤আৰু এইটো নিৰৰ্থক নহয়। إِنَّهُمۡ يَكِيدُونَ كَيۡدًا ١٥নিশ্চয় সিহঁত ভীষণ ষড়যন্ত্ৰ কৰে وَأَكِيدُ كَيۡدًا ١٦আৰু ময়ো ভীষণ কৌশল কৰিছো। فَمَهِّلِ ٱلۡكَٰفِرِينَ أَمۡهِلۡهُمۡ رُوَيۡدَۢا ١٧এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।

Translation: Shaykh Rafeequl Islam Habibur Rahman.