بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
وَٱلضُّحَىٰ ١পূৰ্বাহ্নৰ শপত وَٱلَّيۡلِ إِذَا سَجَىٰ ٢শপত ৰাতিৰ, যেতিয়া ই অন্ধকাৰাচ্ছন্ন হয়। مَا وَدَّعَكَ رَبُّكَ وَمَا قَلَىٰ ٣তোমাৰ প্ৰতিপালকে তোমাক পৰিত্যাগ কৰা নাই আৰু অসন্তুষ্টও হোৱা নাই। وَلَلۡأٓخِرَةُ خَيۡرٌ لَّكَ مِنَ ٱلۡأُولَىٰ ٤নিশ্চয় তোমাৰ বাবে পৰবৰ্তী সময় পূৰ্বৱৰ্তী সময়তকৈ উত্তম। وَلَسَوۡفَ يُعۡطِيكَ رَبُّكَ فَتَرۡضَىٰٓ ٥নিশ্চয় অনতিপলমে তোমাৰ প্ৰতিপালকে তোমাক অনুগ্ৰহ প্ৰদান কৰিব, ফলত তুমি সন্তুষ্ট হ’বা। أَلَمۡ يَجِدۡكَ يَتِيمًا فَـَٔاوَىٰ ٦তেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিলনে? তাৰ পিছত তেৱেঁই তোমাক আশ্ৰয় দিছে। وَوَجَدَكَ ضَآلًّا فَهَدَىٰ ٧আৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত, তাৰ পিছত তোৱেঁই তোমাক পথনিৰ্দেশ দিছে। وَوَجَدَكَ عَآئِلًا فَأَغۡنَىٰ ٨আৰু তেওঁ তোমাক পাইছিল সম্বলহীন দৰিদ্ৰৰূপে, তাৰ পিছত তেৱেঁই অভাৱমুক্ত কৰিলে। فَأَمَّا ٱلۡيَتِيمَ فَلَا تَقۡهَرۡ ٩এতেকে তুমি এতীমৰ (অনাথৰ) প্ৰতি কঠোৰ নহ’বা। وَأَمَّا ٱلسَّآئِلَ فَلَا تَنۡهَرۡ ١٠আৰু ভিখাৰীক ধমক নিদিবা। وَأَمَّا بِنِعۡمَةِ رَبِّكَ فَحَدِّثۡ ١١আৰু তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ কথা প্ৰচাৰ কৰা।