ملة الإسلام

السورة 87 · 19 آية · Shaykh Rafeequl Islam Habibur Rahman

سورة الأعلى باللغة الآسامية

السورة بالعربية مع التفسير استمع إلى سورة الأعلى (1,435 قارئاً)
مكيةسورة الأعلى١٩ آية

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

سَبِّحِ ٱسۡمَ رَبِّكَ ٱلۡأَعۡلَى ١তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা ٱلَّذِي خَلَقَ فَسَوَّىٰ ٢যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে। وَٱلَّذِي قَدَّرَ فَهَدَىٰ ٣আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সত্পথ প্ৰদৰ্শন কৰিছে وَٱلَّذِيٓ أَخۡرَجَ ٱلۡمَرۡعَىٰ ٤আৰু যিজনে তৃণ-লতা উত্পন্ন কৰিছে فَجَعَلَهُۥ غُثَآءً أَحۡوَىٰ ٥তাৰ পিছত সেইবোৰক ক'লা আবৰ্জনাত পৰিণত কৰিছে। سَنُقۡرِئُكَ فَلَا تَنسَىٰٓ ٦অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা إِلَّا مَا شَآءَ ٱللَّهُۚ إِنَّهُۥ يَعۡلَمُ ٱلۡجَهۡرَ وَمَا يَخۡفَىٰ ٧কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে। وَنُيَسِّرُكَ لِلۡيُسۡرَىٰ ٨আৰু আমি তোমাৰ বাবে সহজ পথ সুগম কৰি দিম। فَذَكِّرۡ إِن نَّفَعَتِ ٱلذِّكۡرَىٰ ٩এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয় سَيَذَّكَّرُ مَن يَخۡشَىٰ ١٠উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে। وَيَتَجَنَّبُهَا ٱلۡأَشۡقَى ١١আৰু যি হতভাগ্য সি ইয়াক অগ্ৰাহ্য কৰিব ٱلَّذِي يَصۡلَى ٱلنَّارَ ٱلۡكُبۡرَىٰ ١٢সি ভয়াবহ জুইত প্ৰৱেশ কৰিব। ثُمَّ لَا يَمُوتُ فِيهَا وَلَا يَحۡيَىٰ ١٣তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব। قَدۡ أَفۡلَحَ مَن تَزَكَّىٰ ١٤নিশ্চয় সফলতা লাভ কৰিব যিয়ে আত্মশুদ্ধি কৰিব। وَذَكَرَ ٱسۡمَ رَبِّهِۦ فَصَلَّىٰ ١٥আৰু তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰিব আৰু ছালাত আদায় কৰিব। بَلۡ تُؤۡثِرُونَ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا ١٦কিন্তু তোমালোকে পৃথিৱীৰ জীৱনক প্ৰাধান্য দিয়া وَٱلۡأٓخِرَةُ خَيۡرٌ وَأَبۡقَىٰٓ ١٧অথচ আখিৰাত সৰ্বোত্তম আৰু স্থায়ী। إِنَّ هَٰذَا لَفِي ٱلصُّحُفِ ٱلۡأُولَىٰ ١٨নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত صُحُفِ إِبۡرَٰهِيمَ وَمُوسَىٰ ١٩ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।

الترجمة: Shaykh Rafeequl Islam Habibur Rahman.