بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
لَآ أُقۡسِمُ بِيَوۡمِ ٱلۡقِيَٰمَةِ ١মই শপত কৰিছো ক্বিয়ামতৰ দিনৰ وَلَآ أُقۡسِمُ بِٱلنَّفۡسِ ٱللَّوَّامَةِ ٢মই আৰু শপত কৰিছো আত্মনিন্দাকাৰী আত্মাৰ أَيَحۡسَبُ ٱلۡإِنسَٰنُ أَلَّن نَّجۡمَعَ عِظَامَهُۥ ٣মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম بَلَىٰ قَٰدِرِينَ عَلَىٰٓ أَن نُّسَوِّيَ بَنَانَهُۥ ٤কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম। بَلۡ يُرِيدُ ٱلۡإِنسَٰنُ لِيَفۡجُرَ أَمَامَهُۥ ٥বৰং মানুহে তাৰ ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ বিচাৰে। يَسۡـَٔلُ أَيَّانَ يَوۡمُ ٱلۡقِيَٰمَةِ ٦সি প্ৰশ্ন কৰে, কিয়ামতৰ দিনটো কেতিয়া আহিব فَإِذَا بَرِقَ ٱلۡبَصَرُ ٧যেতিয়া চকু স্থিৰ হৈ যাব وَخَسَفَ ٱلۡقَمَرُ ٨আৰু চন্দ্ৰ কিৰণবিহীন হৈ পৰিব وَجُمِعَ ٱلشَّمۡسُ وَٱلۡقَمَرُ ٩আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব يَقُولُ ٱلۡإِنسَٰنُ يَوۡمَئِذٍ أَيۡنَ ٱلۡمَفَرُّ ١٠সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’ كـَلَّا لَا وَزَرَ ١١কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই। إِلَىٰ رَبِّكَ يَوۡمَئِذٍ ٱلۡمُسۡتَقَرُّ ١٢সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত। يُنَبَّؤُاْ ٱلۡإِنسَٰنُ يَوۡمَئِذِۭ بِمَا قَدَّمَ وَأَخَّرَ ١٣সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব সি আগলৈ কি পঠিয়াইছিল আৰু পিছত কি থৈ আহিছে। بَلِ ٱلۡإِنسَٰنُ عَلَىٰ نَفۡسِهِۦ بَصِيرَةٌ ١٤বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত وَلَوۡ أَلۡقَىٰ مَعَاذِيرَهُۥ ١٥যদিও সি নানা অজুহাত দেখুৱায়। لَا تُحَرِّكۡ بِهِۦ لِسَانَكَ لِتَعۡجَلَ بِهِۦٓ ١٦ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা। إِنَّ عَلَيۡنَا جَمۡعَهُۥ وَقُرۡءَانَهُۥ ١٧নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই। فَإِذَا قَرَأۡنَٰهُ فَٱتَّبِعۡ قُرۡءَانَهُۥ ١٨এতেকে আমি যেতিয়া ইয়াক পাঠ কৰো তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰা ثُمَّ إِنَّ عَلَيۡنَا بَيَانَهُۥ ١٩তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰেই। كـَلَّا بَلۡ تُحِبُّونَ ٱلۡعَاجِلَةَ ٢٠কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনক ভাল পোৱা وَتَذَرُونَ ٱلۡأٓخِرَةَ ٢١আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা। وُجُوهٌ يَوۡمَئِذٍ نَّاضِرَةٌ ٢٢সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব إِلَىٰ رَبِّهَا نَاظِرَةٌ ٢٣সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব। وَوُجُوهٌ يَوۡمَئِذِۭ بَاسِرَةٌ ٢٤আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব تَظُنُّ أَن يُفۡعَلَ بِهَا فَاقِرَةٌ ٢٥সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব। كـَلَّآ إِذَا بَلَغَتِ ٱلتَّرَاقِيَ ٢٦নিশ্চয়, যেতিয়া প্ৰাণ কন্ঠাগত হ’ব وَقِيلَ مَنۡۜ رَاقٍ ٢٧আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’ وَظَنَّ أَنَّهُ ٱلۡفِرَاقُ ٢٨তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ। وَٱلۡتَفَّتِ ٱلسَّاقُ بِٱلسَّاقِ ٢٩আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব। إِلَىٰ رَبِّكَ يَوۡمَئِذٍ ٱلۡمَسَاقُ ٣٠সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব। فَلَا صَدَّقَ وَلَا صَلَّىٰ ٣١এতেকে সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই। وَلَٰكِن كَذَّبَ وَتَوَلَّىٰ ٣٢বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল। ثُمَّ ذَهَبَ إِلَىٰٓ أَهۡلِهِۦ يَتَمَطَّىٰٓ ٣٣তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল أَوۡلَىٰ لَكَ فَأَوۡلَىٰ ٣٤দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ ثُمَّ أَوۡلَىٰ لَكَ فَأَوۡلَىٰٓ ٣٥আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ أَيَحۡسَبُ ٱلۡإِنسَٰنُ أَن يُتۡرَكَ سُدًى ٣٦মানুহে ভাৱে নেকি যে, তাক এনেই এৰি দিয়া হ’ব أَلَمۡ يَكُ نُطۡفَةً مِّن مَّنِيٍّ يُمۡنَىٰ ٣٧সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয় ثُمَّ كَانَ عَلَقَةً فَخَلَقَ فَسَوَّىٰ ٣٨তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে। فَجَعَلَ مِنۡهُ ٱلزَّوۡجَيۡنِ ٱلذَّكَرَ وَٱلۡأُنثَىٰٓ ٣٩তাৰ পিছত তেওঁ তাৰ পৰা যোৰ যোৰ হিচাপে নৰ-নাৰী সৃষ্টি কৰে। أَلَيۡسَ ذَٰلِكَ بِقَٰدِرٍ عَلَىٰٓ أَن يُحۡـِۧيَ ٱلۡمَوۡتَىٰ ٤٠তথাপিও সেই স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু