بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
عَبَسَ وَتَوَلَّىٰٓ ١তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘুৰাই ল’লে أَن جَآءَهُ ٱلۡأَعۡمَىٰ ٢তেওঁৰ ওচৰত অন্ধ ব্যক্তিজন অহাৰ কাৰণে। وَمَا يُدۡرِيكَ لَعَلَّهُۥ يَزَّكَّىٰٓ ٣কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব أَوۡ يَذَّكَّرُ فَتَنفَعَهُ ٱلذِّكۡرَىٰٓ ٤অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব। أَمَّا مَنِ ٱسۡتَغۡنَىٰ ٥আৰু যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাৱে فَأَنتَ لَهُۥ تَصَدَّىٰ ٦তুমি তাৰ প্ৰতি মনোযোগ দিছা। وَمَا عَلَيۡكَ أَلَّا يَزَّكَّىٰ ٧অথচ সি পৰিশুদ্ধ নহ’লে তোমাৰ কোনো দায়িত্ব নাই وَأَمَّا مَن جَآءَكَ يَسۡعَىٰ ٨আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিলে وَهُوَ يَخۡشَىٰ ٩আৰু সি (আল্লাহক) ভয়ো কৰে فَأَنتَ عَنۡهُ تَلَهَّىٰ ١٠তাৰ প্ৰতি তুমি উদাসীন হ’লা। كـَلَّآ إِنَّهَا تَذۡكِرَةٌ ١١কেতিয়াও নহয়, নিশ্চয় এইটো উপদেশ বাণী فَمَن شَآءَ ذَكَرَهُۥ ١٢গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব فِي صُحُفٍ مُّكَرَّمَةٍ ١٣এইটো মৰ্যদা সম্পন্ন ছহীফাত লিপিবদ্ধ। مَّرۡفُوعَةٍ مُّطَهَّرَةِۭ ١٤সমুন্নত, পৱিত্ৰ بِأَيۡدِي سَفَرَةٍ ١٥লেখক বা দূতসকলৰ হাতত। كِرَامِۭ بَرَرَةٍ ١٦(যিসকল) মহাসন্মানিত, পূণ্যবান। قُتِلَ ٱلۡإِنسَٰنُ مَآ أَكۡفَرَهُۥ ١٧মানুহ ধ্বংস হওঁক, কিমান যে অকৃতজ্ঞ مِنۡ أَيِّ شَيۡءٍ خَلَقَهُۥ ١٨তেওঁ তাক কি বস্তুৰ পৰা সৃষ্টি কৰিছে مِن نُّطۡفَةٍ خَلَقَهُۥ فَقَدَّرَهُۥ ١٩শুক্ৰবিন্দুৰ পৰা, তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে ثُمَّ ٱلسَّبِيلَ يَسَّرَهُۥ ٢٠তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে ثُمَّ أَمَاتَهُۥ فَأَقۡبَرَهُۥ ٢١তাৰ পিছত তাক মৃত্যু প্ৰদান কৰিলে আৰু কবৰস্থ কৰিলে। ثُمَّ إِذَا شَآءَ أَنشَرَهُۥ ٢٢আকৌ যেতিয়া তেওঁ ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব। كـَلَّا لَمَّا يَقۡضِ مَآ أَمَرَهُۥ ٢٣কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰ্ণ কৰা নাই। فَلۡيَنظُرِ ٱلۡإِنسَٰنُ إِلَىٰ طَعَامِهِۦٓ ٢٤এতেকে মানুহে নিজ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত। أَنَّا صَبَبۡنَا ٱلۡمَآءَ صَبًّا ٢٥নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ ثُمَّ شَقَقۡنَا ٱلۡأَرۡضَ شَقًّا ٢٦তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ فَأَنۢبَتۡنَا فِيهَا حَبًّا ٢٧তাৰ পিছত আমি তাত উত্পন্ন কৰোঁ শস্য وَعِنَبًا وَقَضۡبًا ٢٨আঙুৰ আৰু শাক-পাচলি وَزَيۡتُونًا وَنَخۡلًا ٢٩যায়তুন আৰু খেজুৰ গছ وَحَدَآئِقَ غُلۡبًا ٣٠ঘন গছ-গছনি বিশিষ্ট উদ্যান وَفَٰكِهَةً وَأَبًّا ٣١ফল-মূল আৰু তৃণ-ঘাঁহ مَّتَٰعًا لَّكُمۡ وَلِأَنۡعَٰمِكُمۡ ٣٢এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুৰ জীৱনোপকৰণৰ বাবে। فَإِذَا جَآءَتِ ٱلصَّآخَّةُ ٣٣এতেকে যেতিয়া তীক্ষ্ন শব্দ আহিব يَوۡمَ يَفِرُّ ٱلۡمَرۡءُ مِنۡ أَخِيهِ ٣٤সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা وَأُمِّهِۦ وَأَبِيهِ ٣٥আৰু তাৰ মাক-বাপেকৰ পৰা وَصَٰحِبَتِهِۦ وَبَنِيهِ ٣٦তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা لِكُلِّ ٱمۡرِيٍٕ مِّنۡهُمۡ يَوۡمَئِذٍ شَأۡنٌ يُغۡنِيهِ ٣٧সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা যিটো তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব। وُجُوهٌ يَوۡمَئِذٍ مُّسۡفِرَةٌ ٣٨সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল ضَاحِكَةٌ مُّسۡتَبۡشِرَةٌ ٣٩হাঁহিৰে ভৰা, আনন্দত উত্ফুল্ল وَوُجُوهٌ يَوۡمَئِذٍ عَلَيۡهَا غَبَرَةٌ ٤٠আৰু সেইদিনা কিছুমান চেহেৰা ধূলিৰে মলিন হ’ব تَرۡهَقُهَا قَتَرَةٌ ٤١ক’লা আৱৰণে আৱৰি ধৰিব। أُوْلَٰٓئِكَ هُمُ ٱلۡكَفَرَةُ ٱلۡفَجَرَةُ ٤٢এওঁলোকেই কাফিৰ, অত্যন্ত পাপী।