ملة الإسلام

السورة 90 · 20 آية · Shaykh Rafeequl Islam Habibur Rahman

سورة البلد باللغة الآسامية

السورة بالعربية مع التفسير استمع إلى سورة البلد (1,326 قارئاً)
مكيةسورة البلد٢٠ آية

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

لَآ أُقۡسِمُ بِهَٰذَا ٱلۡبَلَدِ ١মই শপত কৰিছো এই নগৰখনৰ وَأَنتَ حِلُّۢ بِهَٰذَا ٱلۡبَلَدِ ٢আৰু তুমি এই নগৰৰ অধিবাসী وَوَالِدٍ وَمَا وَلَدَ ٣শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে। لَقَدۡ خَلَقۡنَا ٱلۡإِنسَٰنَ فِي كَبَدٍ ٤নিসন্দেহে আমি মানুহক সৃষ্টি কৰিছো কঠোৰ দুখ-কষ্টৰ মাজত। أَيَحۡسَبُ أَن لَّن يَقۡدِرَ عَلَيۡهِ أَحَدٌ ٥সি ভাবে নেকি যে, কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাবান নহ’ব يَقُولُ أَهۡلَكۡتُ مَالًا لُّبَدًا ٦সি কয়, 'মই প্ৰচুৰ ধন-সম্পদ নাশ কৰিছো'। أَيَحۡسَبُ أَن لَّمۡ يَرَهُۥٓ أَحَدٌ ٧সি ভাবে নেকি যে, কোনেও তাক দেখা নাই أَلَمۡ نَجۡعَل لَّهُۥ عَيۡنَيۡنِ ٨তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে وَلِسَانًا وَشَفَتَيۡنِ ٩এখন জিভা আৰু দুটা ওঁঠ وَهَدَيۡنَٰهُ ٱلنَّجۡدَيۡنِ ١٠আৰু আমি তাক দুটা পথ দেখুৱাইছো। فَلَا ٱقۡتَحَمَ ٱلۡعَقَبَةَ ١١কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই। وَمَآ أَدۡرَىٰكَ مَا ٱلۡعَقَبَةُ ١٢আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি فَكُّ رَقَبَةٍ ١٣সেইটো হৈছে, দাসমুক্তি। أَوۡ إِطۡعَٰمٌ فِي يَوۡمٍ ذِي مَسۡغَبَةٍ ١٤অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা يَتِيمًا ذَا مَقۡرَبَةٍ ١٥নিকটাত্মীয় এতীমক أَوۡ مِسۡكِينًا ذَا مَتۡرَبَةٍ ١٦অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক ثُمَّ كَانَ مِنَ ٱلَّذِينَ ءَامَنُواْ وَتَوَاصَوۡاْ بِٱلصَّبۡرِ وَتَوَاصَوۡاْ بِٱلۡمَرۡحَمَةِ ١٧তাৰ পিছত সি এনেলোকৰ অন্তৰ্ভূক্ত হৈ যায় যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য ধাৰণ কৰিবলৈ উপদেশ দিছে আৰু উপদেশ দিছে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلۡمَيۡمَنَةِ ١٨এওঁলোকেই সৌভাগ্যশালী। وَٱلَّذِينَ كَفَرُواْ بِـَٔايَٰتِنَا هُمۡ أَصۡحَٰبُ ٱلۡمَشۡـَٔمَةِ ١٩আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হতভাগ্য। عَلَيۡهِمۡ نَارٌ مُّؤۡصَدَةُۢ ٢٠সিহঁত অবৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব।

الترجمة: Shaykh Rafeequl Islam Habibur Rahman.