بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
وَٱلشَّمۡسِ وَضُحَىٰهَا ١শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ وَٱلۡقَمَرِ إِذَا تَلَىٰهَا ٢শপত চন্দ্ৰৰ যেতিয়া ই সূৰ্যৰ পিছত আবিৰ্ভাৱ হয় وَٱلنَّهَارِ إِذَا جَلَّىٰهَا ٣দিনৰ শপত যেতিয়া সূৰ্যক প্ৰকাশ কৰে وَٱلَّيۡلِ إِذَا يَغۡشَىٰهَا ٤ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে وَٱلسَّمَآءِ وَمَا بَنَىٰهَا ٥শপত আকাশৰ আৰু সেই সত্তাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে وَٱلۡأَرۡضِ وَمَا طَحَىٰهَا ٦পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে وَنَفۡسٍ وَمَا سَوَّىٰهَا ٧শপত নফছৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে فَأَلۡهَمَهَا فُجُورَهَا وَتَقۡوَىٰهَا ٨তাৰ পিছত ইয়াক তাৰ সত্কামৰ আৰু অসত্কামৰ জ্ঞান দান কৰিছে قَدۡ أَفۡلَحَ مَن زَكَّىٰهَا ٩নিসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে। وَقَدۡ خَابَ مَن دَسَّىٰهَا ١٠আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে। كَذَّبَتۡ ثَمُودُ بِطَغۡوَىٰهَآ ١١ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশত অস্বীকাৰ কৰিছিল। إِذِ ٱنۢبَعَثَ أَشۡقَىٰهَا ١٢যেতিয়া সিহঁতৰ মাজৰ হতভাগ্য ব্যক্তিজন তত্পৰ হৈ উঠিল فَقَالَ لَهُمۡ رَسُولُ ٱللَّهِ نَاقَةَ ٱللَّهِ وَسُقۡيَٰهَا ١٣তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক ক'লে, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'। فَكَذَّبُوهُ فَعَقَرُوهَا فَدَمۡدَمَ عَلَيۡهِمۡ رَبُّهُم بِذَنۢبِهِمۡ فَسَوَّىٰهَا ١٤কিন্তু সিহঁতে অস্বীকাৰ কৰিলে আৰু উটজনীক বধ কৰিলে। ফলত সিহঁতৰ পাপৰ বাবে সিহঁতৰ প্ৰতিপালকে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিলে। وَلَا يَخَافُ عُقۡبَٰهَا ١٥আৰু তেওঁ ইয়াৰ পৰিণামক ভয় নকৰে।