ملة الإسلام

السورة 82 · 19 آية · Shaykh Rafeequl Islam Habibur Rahman

سورة الانفطار باللغة الآسامية

السورة بالعربية مع التفسير استمع إلى سورة الانفطار (1,366 قارئاً)
مكيةسورة الانفطار١٩ آية

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

إِذَا ٱلسَّمَآءُ ٱنفَطَرَتۡ ١যেতিয়া আকাশখন বিদীৰ্ণ হ’ব وَإِذَا ٱلۡكَوَاكِبُ ٱنتَثَرَتۡ ٢আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব وَإِذَا ٱلۡبِحَارُ فُجِّرَتۡ ٣আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব وَإِذَا ٱلۡقُبُورُ بُعۡثِرَتۡ ٤আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব عَلِمَتۡ نَفۡسٌ مَّا قَدَّمَتۡ وَأَخَّرَتۡ ٥তেতিয়া প্ৰত্যেকেই জানিব, সি কি আগলৈ পঠিয়াইছে আৰু পিছত কি ৰাখি আহিছে। يَٰٓأَيُّهَا ٱلۡإِنسَٰنُ مَا غَرَّكَ بِرَبِّكَ ٱلۡكَرِيمِ ٦হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে ٱلَّذِي خَلَقَكَ فَسَوَّىٰكَ فَعَدَلَكَ ٧যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে فِيٓ أَيِّ صُورَةٍ مَّا شَآءَ رَكَّبَكَ ٨আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে। كـَلَّا بَلۡ تُكَذِّبُونَ بِٱلدِّينِ ٩কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা وَإِنَّ عَلَيۡكُمۡ لَحَٰفِظِينَ ١٠আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল كِرَامًا كَٰتِبِينَ ١١সন্মানিত লেখক বৃন্দ يَعۡلَمُونَ مَا تَفۡعَلُونَ ١٢তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে। إِنَّ ٱلۡأَبۡرَارَ لَفِي نَعِيمٍ ١٣নিশ্চয় সত্কৰ্মপৰায়ণসকল থাকিব পৰম সূখ-শান্তিত। وَإِنَّ ٱلۡفُجَّارَ لَفِي جَحِيمٍ ١٤আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত। يَصۡلَوۡنَهَا يَوۡمَ ٱلدِّينِ ١٥সিহঁতে প্ৰতিদান দিৱসত তাত প্ৰৱেশ কৰিব وَمَا هُمۡ عَنۡهَا بِغَآئِبِينَ ١٦আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব। وَمَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلدِّينِ ١٧আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি ثُمَّ مَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلدِّينِ ١٨আকৌ কৈছো, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি يَوۡمَ لَا تَمۡلِكُ نَفۡسٌ لِّنَفۡسٍ شَيۡـًٔاۖ وَٱلۡأَمۡرُ يَوۡمَئِذٍ لِّلَّهِ ١٩সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব আল্লাহৰ।

الترجمة: Shaykh Rafeequl Islam Habibur Rahman.