ملة الإسلام

السورة 84 · 25 آية · Shaykh Rafeequl Islam Habibur Rahman

سورة الانشقاق باللغة الآسامية

السورة بالعربية مع التفسير استمع إلى سورة الانشقاق (1,276 قارئاً)
مكيةسورة الانشقاق٢٥ آية

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

إِذَا ٱلسَّمَآءُ ٱنشَقَّتۡ ١যেতিয়া আকাশ বিদীৰ্ণ হ’ব وَأَذِنَتۡ لِرَبِّهَا وَحُقَّتۡ ٢আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়। وَإِذَا ٱلۡأَرۡضُ مُدَّتۡ ٣আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব। وَأَلۡقَتۡ مَا فِيهَا وَتَخَلَّتۡ ٤আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব। وَأَذِنَتۡ لِرَبِّهَا وَحُقَّتۡ ٥আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়। يَٰٓأَيُّهَا ٱلۡإِنسَٰنُ إِنَّكَ كَادِحٌ إِلَىٰ رَبِّكَ كَدۡحًا فَمُلَٰقِيهِ ٦হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ নৈকট্য পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁৰ সাক্ষাত লাভ কৰিব পাৰিবা। فَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِيَمِينِهِۦ ٧এতেকে যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হব فَسَوۡفَ يُحَاسَبُ حِسَابًا يَسِيرًا ٨অত্যন্ত সহজ ভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব। وَيَنقَلِبُ إِلَىٰٓ أَهۡلِهِۦ مَسۡرُورًا ٩আৰু সি তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব وَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ وَرَآءَ ظَهۡرِهِۦ ١٠আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব فَسَوۡفَ يَدۡعُواْ ثُبُورًا ١١সি নিজৰ ধ্বংস আহ্বান কৰিব وَيَصۡلَىٰ سَعِيرًا ١٢আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব إِنَّهُۥ كَانَ فِيٓ أَهۡلِهِۦ مَسۡرُورًا ١٣নিশ্চয় সি নিজ পৰিয়ালৰ মাজত আনন্দত আছিল إِنَّهُۥ ظَنَّ أَن لَّن يَحُورَ ١٤নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব بَلَىٰٓۚ إِنَّ رَبَّهُۥ كَانَ بِهِۦ بَصِيرًا ١٥হয়, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী। فَلَآ أُقۡسِمُ بِٱلشَّفَقِ ١٦এতেকে মই শপত কৰিছো পশ্চিম আকাশৰ ৰঙা কিৰণৰ وَٱلَّيۡلِ وَمَا وَسَقَ ١٧ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায় وَٱلۡقَمَرِ إِذَا ٱتَّسَقَ ١٨আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে لَتَرۡكَبُنَّ طَبَقًا عَن طَبَقٍ ١٩অৱশ্যই তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা। فَمَا لَهُمۡ لَا يُؤۡمِنُونَ ٢٠কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয় وَإِذَا قُرِئَ عَلَيۡهِمُ ٱلۡقُرۡءَانُ لَا يَسۡجُدُونَۤ ۩ ٢١আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয় بَلِ ٱلَّذِينَ كَفَرُواْ يُكَذِّبُونَ ٢٢বৰং কাফিৰসকলে অস্বীকাৰ কৰে। وَٱللَّهُ أَعۡلَمُ بِمَا يُوعُونَ ٢٣আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত। فَبَشِّرۡهُم بِعَذَابٍ أَلِيمٍ ٢٤সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُمۡ أَجۡرٌ غَيۡرُ مَمۡنُونِۭ ٢٥কিন্তু যিসকলে ঈমান আনে আৰু সত্কৰ্ম কৰে তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন প্ৰতিদান।

الترجمة: Shaykh Rafeequl Islam Habibur Rahman.